বিভিন্ন শিক্ষা পৰিষদ

আমাৰ দেশৰ শক্তি ইয়াৰ বৈচিত্ৰতাৰ ওপৰত নিৰ্ভৰ কৰে। বিভিন্ন ভাষা-সংস্কৃতি আৰু সামাজিক পটভূমিয়ে শিশুসকলক এক নিৰ্দিষ্ট ৰূপত আৰু এক নিৰ্দিষ্ট সাঁচত গঢ়ি তোলে যি তেওঁলোকৰ পৰিচয়ত পৰিণত হয়। গতিকে প্ৰকৃত বিকাশৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক সেইদৰে সাৰ-পানী দিয়াটো অনিবাৰ্য হৈ পৰে। এই সচেতনতা আগত ৰাখি বিভিন্ন ৰাজ্যৰ চৰকাৰ সমূহে শিক্ষানীতি ৰচনা কৰিবলৈ যত্নপৰ হৈছে। গতিকে ৰাজ্যভেদে নিয়ম আৰু পাঠ্যক্ৰম অনুসৰি বিভিন্ন শিক্ষা পৰিষদৰ সৃষ্টি হৈছে। বিভিন্ন শিক্ষা পৰিষদৰ বিভিন্ন বিষয় আছে আৰু বিভিন্ন বিষয়ত পাঠদানৰ বাবে ভিন-ভিন পদ্ধতি থাকে।

উদাহৰণস্বৰূপে, পশ্চিমবংগত বিজ্ঞান বিষয়টো জীৱ বিজ্ঞান আৰু ভৌতিক বিজ্ঞান এই দুই ভাগত বিভক্ত কৰা হৈছে। অৰ্থাৎ ছাত্ৰ-ছাত্ৰীসকলে পশ্চিমবংগ পৰিষদৰ বিজ্ঞান বিষয়টোৰ পৰীক্ষাত জীৱ বিজ্ঞান আৰু ভৌতিক বিজ্ঞান এই দুয়োটা ভাগৰ দুখন বেলেগ বেলেগ প্ৰশ্নকাকতৰ উত্তৰ লিখিব লগীয়া হয়। কিন্তু দেশৰ বাকীবোৰ ৰাজ্যত বিজ্ঞান বিষয়টোৰ বাবে ১০০ নম্বৰৰ কেৱল এখন প্ৰশ্নকাকতৰ উত্তৰ লিখিলেই হয়। উৰিষ্যাত ছাত্ৰ-ছাত্ৰীসকলে তিনিটা ভাষা অধ্যয়ন কৰাটো বাধ্যতামূলক। ইংৰাজী বিষয়টো বাধ্যতামূলক, তাৰোপৰি ওৰিয়া, হিন্দী আৰু সংস্কৃত বিষয়ৰ ভিতৰত যিকোনো দুটা বিষয় ছাত্ৰ-ছাত্ৰীসকলে বাছি ল’ব পাৰে। গতিকে আমাৰ বাবে অতিশয় গুৰুত্বপুৰ্ণ প্ৰশ্নটো হৈছে এনে এখন মঞ্চ আছেনে য’ৰ পৰা এই সকলোবোৰ দিশৰ প্ৰতি লক্ষ্য ৰখা হয়? হয় আছে, জ্ঞানস্ৰোতে। ইয়াৰ মূলমন্ত্ৰই হৈছে “সফলতা সকলোৰে হাতত”। প্ৰশ্নটোৰ উত্তৰ সুন্দৰকৈ প্ৰতিফলিত কৰে, নহয়নে?

সদ্যহতে আমি ১৪ খন শিক্ষা পৰিষদৰ পাঠ্যক্ৰম ৯ টা ভাষাত লৈ অহাৰ ন-চেষ্টা হাতত লৈছো। জ্ঞনস্ৰোতাই এই সকলোবোৰ দিশ পুংখানুপুংখভাৱে ফঁহিয়াই চাই যাতে ই কেৱল প্ৰতিখন ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ উৎকৰ্ষৰ বাবেই নহয় বৰঞ্চ ৰাজ্যখনৰ শিক্ষা প্ৰণালীৰ বাবেও ফলদায়ক আৰু মূল্যবান হয়।

গতিকে, এজন ছাত্ৰই এবাৰ তেওঁৰ শিক্ষা পৰিষদৰ চয়ন কৰাৰ লগে লগেই জ্ঞানস্ৰোতে ছাত্ৰজনক সেই পৰিষদৰ পাঠ্যক্ৰমৰ সূচী বা তালিকা প্ৰদান কৰে। এই পাঠ্যক্ৰমৰ তালিকা ছাত্ৰজনৰ স্কুলৰ পাঠ্যক্ৰমৰ তালিকাৰ সৈতে একে।