ভিন-ভিন ভাষা

“নিজ ভাষা উন্নতি অহে, সব উন্নতি ক’ মূল | বিন নিজ ভাষা জ্ঞান কে, মিটত না হিয়ে ক’ শূল ।।”

সু-প্ৰশিদ্ধ কবি ভৰতেন্দু হৰিশচন্দ্ৰৰ এই মহান বাণীয়ে এই কথা সুস্পষ্টভাৱে প্ৰতীয়মান কৰে যে এজন ব্যক্তিৰ উৎকৰ্ষ সাধনৰ বাবে মাতৃভাষা কিমান বেছি আৱশ্যকীয়। সেইবাবে বৰ্তমান ভাৰতবৰ্ষত সংবিধান স্বীকৃত ২২ টা ভাষা আছে।

ইংৰাজী শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত দ্বিতীয় হ’ব পাৰে, কিন্তু এই বিশ্বজনীন ভাষাটোৰ জ্ঞানৰ পৰিসৰে দেশৰ আন-আন স্থানীয় ভাষাৰ প্ৰতি অৱহেলাৰ সৃষ্টি কৰিবলৈ এৰি দিব নোৱাৰি। কিয়নো বৰ্তমানেও ভাৰতবৰ্ষৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে মাতৃভাষাত বা স্থানীয় ভাষাৰ মাধ্যমত শিক্ষা গ্ৰহণ কৰি আছে। গতিকে জ্ঞানস্ৰোতে কেৱল ইংৰাজী ভাষাৰ মাধ্যমতেই শিক্ষাপ্ৰদান কৰাৰ ক্ষেত্ৰত মনোনিৱেশ নকৰে, বৰঞ্চ শিক্ষাৰ্থীসকলক নিজৰ মাতৃভাষাত আধুনিক শিক্ষা প্ৰযুক্তিৰ জৰিয়তে শিক্ষা গ্ৰহণত সুবিধা প্ৰদান কৰে।

এই কথাটো ফঁহিয়াই চোৱা যাওক। জ্ঞানস্ৰোতৰ গৱেষণা-বিকাশ শাখাই বিচাৰি পাইছে যে বহুসময়ত ছাত্ৰ-ছাত্ৰীসকলে উচ্চ-মাধ্যমিক পৰ্য্যায়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ যাওতে তেওঁলোকৰ শিক্ষা গ্ৰহণৰ মাধ্যম মাতৃভাষাৰ পৰা ইংৰাজী ভাষালৈ সলনি হয়। ইয়াৰ বাবে মেধাবী ছাত্ৰ-ছাত্ৰীসকলৰ ক্ষেত্ৰটো শৈক্ষিক ফলাফলৰ অৱনতি হোৱাটো পৰিলক্ষিত হৈছে।

এনেবোৰ ফলাফল পৰিহাৰ কৰিবৰ বাবে জ্ঞানস্ৰোতে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিষয়সমূহৰ পাঠদান মাতৃভাষাৰ উপৰিও ইংৰাজী ভাষাত প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে যাতে তেওঁলোকে তুলনা কৰিব পাৰে আৰু শব্দাৱলীৰ কাৰণে পিছ পৰি ৰ’ব লগা নহয়। এইদৰে তেওঁলোকে শ্ৰেণীকোঠাত অধিক আত্মবিশ্বাসী হৈ উঠিব পাৰে।

মুঠৰ ওপৰত, ভাৰতবৰ্ষৰ বহুজন সু প্ৰশিদ্ধ/প্ৰথিতযশা বিদ্যাৱান ব্যক্তিয়ে তেওঁলোকৰ শিক্ষাগ্ৰহনৰ পাতনি মেলিছিল দেশৰ যি-কোনো এটা সংবিধান-স্বীকৃত স্থানীয় ভাষাত বা মাতৃভাষাত। গতিকে কোৱা হয় “যদি এজন ব্যক্তিৰ হৃদয় স্পৰ্শ কৰিব খোজা, তেওঁৰ মাতৃভাষাত তেওঁৰ লগত কথোপকথন কৰা”।